Deprecated: The each() function is deprecated. This message will be suppressed on further calls in /home/zhenxiangba/zhenxiangba.com/public_html/phproxy-improved-master/index.php on line 456
অৱদান আগবঢ়াওক – WordPress.org অসমীয়া
[go: Go Back, main page]

অৱদান আগবঢ়াওক

ৱৰ্ডপ্ৰেছৰ অসমীয়া ইতিমধ্যে ৬১ শতাংশ সম্পূৰ্ণ হৈছে। মূল প্ৰকল্পৰ বাহিৰে ইয়াৰ অধীনত কেইবাটাও শাখা প্ৰকল্প আছে। অনুবাদ প্ৰকল্পত আপুনিও অৱদান আগবঢ়াব পাৰে। কি ধৰণে অনুবাদ কৰিব? মূল লেখা ইয়াত পাব।

কি ধৰণে অংশগ্ৰহণ কৰিব?

GlotPress চাইটলৈ যাওক আৰু আপোনাৰ WordPress.org চাইটৰ ব্যৱহাৰকাৰী নাম আৰু পাছৱৰ্ড দি প্ৰৱেশ কৰক। আপুনি যদি WordPress.org-অত আগতে পঞ্জীয়ন কৰা নাই, তেনেহ’লে পঞ্জীয়ন কৰি লওক।

GlotPress চাইটৰ পৰা এটা প্ৰকল্প আৰু ভাষা বাছি লওক। ইয়াৰ পিছত আপুনি Original String আৰু Translation-অৰ এখন তালিকা দেখা পাব। যিবোৰ ইতিমধ্যে অনূদিত হোৱা নাই, সেইবোৰ অনুবাদ কৰিবলৈ আৰম্ভ কৰক। কোনো লেখাৰ ওপৰত যুগ্ম ক্লিক (double click) কৰিলে অনুবাদৰ বিকল্প আৰু নিৰ্দেশ আহিব, সেইমতে অনুবাদ কৰি যাওক। পিছত সম্পাদকে আপোনাৰ অনুবাদ অনুমোদন কৰিলে ই প্ৰকল্পৰ ভিতৰুৱা হৈ পৰিব। HTML আৰু PHP টেগ যুক্ত বাক্যাংশ অনুবাদ কৰাৰ সময়ত অধিক সতৰ্কতা অৱলম্বন কৰিব।

অসমীয়া অনুবাদৰ বাবে কি কি প্ৰকল্প বাকী আছে?

১. মূল ৱৰ্ডপ্ৰেছ ৪.৮.x

২. ৱৰ্ডপ্ৰেছ প্ৰশাসন

৩. টুৱেণ্টি ইলেভেন থিম

৪. টুৱেণ্টি টেন থিম

৫. নেটৱৰ্ক প্ৰশাসন